দেশক গৌৰৱান্বিত কৰিলে বাইহাটা চাৰিআলিৰ দীক্ষা ডেকাই...

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী শাহান গাঁৱৰ উদীয়মান কাৰাটে খেলুৱৈ দীক্ষা ডেকাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ এবাৰ নিজৰ প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰি ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বাংলাদেশৰ ঢাকাত অনুষ্ঠিত ১০ম কেডেট, জুনিয়ৰ, ইউ-২১ আৰু ছিনিয়ৰ দক্ষিণ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ–২০২৬ ত, দ্বিতীয় অনুৰ্ধ্ব–১৪ দক্ষিণ এছিয়া কাৰাটে কাপত ভাৰতক প্ৰতিনিধিত্ব কৰি কণিষ্ঠ খেলুৱৈ গৰাকীয়ে ১২ বছৰ অনুৰ্ধ্ব ৪০ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ১৭ জুলাইৰ পৰা ১৯ জুলাইলৈ বাংলাদেশৰ ঢাকাস্থ শহীদ ছোহৰাৱাৰ্দী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতা খনত দীক্ষাই সাহস, আত্মবিশ্বাস আৰু কৌশলী খেল প্ৰদৰ্শন কৰি প্ৰতিপক্ষ বাংলাদেশৰ খেলুৱৈক তীব্ৰ প্ৰত্যাহ্বান জনায়।

প্ৰতিযোগিতাখনৰ অন্তিম পৰ্যায়লৈকে সাহসেৰে যুঁজ দি ৰূপৰ পদক নিজৰ দখললৈ আনি ভাৰতীয় দলৰ সফলতাত উল্লেখযোগ্য বৰঙণি যোগায়।উল্লেখযোগ্য যে, এই সাফল্য দীক্ষাৰ বাবে প্ৰথম নহয়। ইতিপূৰ্বেও বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ একাধিক কৃতিত্ব অৰ্জন কৰাৰ লগতে অসম আৰু ভাৰতৰ নাম উজলাই তুলিবলৈ  সক্ষম হৈছে।

কম বয়সতেই শৃংখলাবদ্ধ অনুশীলন, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত তেওঁ ক্ৰমাগতভাৱে আগবাঢ়ি যোৱাৰ যি ধাৰা অব্যাহত ৰাখিছে, সেয়া অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক আশাব্যঞ্জক দিশ হিচাপে পৰিগণিত হৈছে। দীক্ষা ডেকাৰ এই আন্তঃৰাষ্ট্ৰীয় সাফল্যই শাহান গাঁৱৰ লগতে বৃহত্তৰ বাইহাটা চাৰিআলি তথা সমগ্ৰ উত্তৰ কামৰূপ অঞ্চলত আনন্দৰ লহৰ সৃষ্টি কৰিছে। 

Post a Comment

أحدث أقدم